September 11, 2026 8:17 PM
6
মধুপুৰ সত্ৰত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন
কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হ'ব। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি কাইলৈ প্ৰভাতি বন্দনাৰে কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ধর্মালোচনী সভাত কোচবিহাৰৰ কেইবাজনো বিশিষ্ট নাগৰিক আৰু উত্তৰ বংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। বিয়লি আইসকলৰ থিয়নামৰ পাছত সন্ধ্যা বন্তি প্ৰজ্বলনেৰে কাৰ্যস...