July 20, 2026 10:39 AM | madhupur satra

printer

মধুপুৰ সত্ৰত থকা শংকৰদেৱ আৰু মাধৱদেৱৰ পৱিত্ৰ ভষ্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ ব্যৱস্থা ল’বলৈ অসম চৰকাৰক আহ্বান মধুপুৰ সত্ৰ কৰ্তৃপক্ষৰ

মধুপুৰ সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পৱিত্ৰ ভষ্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ মধুপুৰ সত্ৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। 

সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী মাধৱদেৱ মহন্তই কয়, যে শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা মধুপুৰ সত্ৰত অতিবাহিত কৰিছিল। এই সত্ৰখনক একশৰণ নামধৰ্মৰ অন্যতম পৱিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। এই সত্ৰত মহাপুৰুষ দুজনাৰ পৱিত্ৰ ভষ্ম, জপমালা, পাদুকা আৰু অন্য বহুতো সামগ্ৰী সংৰক্ষিত হৈ আছে। সত্ৰাধিকাৰগৰাকীয়ে কয়, যে ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব সম্বলিত এই অমূল্য স্মৃতিচিহ্নসমূহ বিশ্বৰ বিভিন্ন দেশত সংৰক্ষিত পৱিত্ৰ ধৰ্মীয় স্মৃতিচিহ্নৰ দৰে বৈজ্ঞানিক পদ্ধতিত সুৰক্ষিত কৰা উচিত।

 তেওঁ অসম চৰকাৰক সত্ৰাধিকাৰ, গৱেষক, ইতিহাসবিদ আৰু বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ সৈতে আলোচনা কৰি সংৰক্ষণৰ বাবে বিস্তৃত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়। তদুপৰি, মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি দীৰ্ঘদিন চলি থকা ভূমি বিবাদ মীমাংসা কৰিবলৈ অসম আৰু পশ্চিমবংগ চৰকাৰক যৌথভাৱে ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ আহ্বান জনায় ৷

ইয়াৰ লগতে মধুপুৰ সত্ৰক ৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন আধ্যাত্মিক তথা ঐতিহ্যকেন্দ্রিক পর্যটন কেন্দ্ৰ হিচাপে বিকশিত কৰি তীৰ্থযাত্ৰীসকলৰ বাবে উন্নত আন্তঃগাঁথনি আৰু সা-সুবিধাৰ সৃষ্টি কৰিবলৈ তেওঁ অনুৰোধ জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।