ওডালগুৰি জিলাৰ ৰৌতা আদর্শ চিকিৎসালয়ে এন এইচ এছ আৰ চিৰ মুচকান কাৰ্যক্ৰমৰ অধীনত গুণগত মানৰ প্ৰমাণপত্ৰ লাভ কৰে।
মুচকান হৈছে ২০২১ চনত এন এইছ এছ আৰ চিৰ অধীনত মুকলি কৰা এটা পদক্ষেপ, যাৰ জৰিয়তে ১২ বছৰ বয়সলৈকে শিশুসকলৰ মৃত্যু আৰু অসুস্থতা হ্ৰাস কৰিবলৈ শিশু অনুকূল স্বাস্থ্য সেৱা নিশ্চিত কৰা।
ৰাষ্ট্ৰীয় গুণমান নিশ্চয়তা মানৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগৰাকী মূল্যায়কে চিকিৎসালয়খনৰ চিকিৎসক, নার্চ তথা আন আন কৰ্মচাৰীৰ লগত আলোচনা কৰাৰ বাবে চিকিৎসালয়খনৰ বিভিন্ন দিশ বিশেষকৈ নৱজাতক স্থিৰীকৰণ কক্ষ, শিশু চিকিৎসা সম্বন্ধীয় সকলো দিশ পৰ্যৱেক্ষণ কৰি মূল্যায়ন কৰে।
এই ৰাষ্ট্ৰীয় মূল্যায়নৰ ভিত্তিত চিকিৎসালয়খনে ৮৯.৬৭ শতাংশ নম্বৰ লাভ কৰি গুণগত চিকিৎসা প্রতিষ্ঠান হিচাপে উজ্বলি উঠিছে।