October 1, 2026 3:57 PM

views 7

ওদালগুৰি জিলাত আৰক্ষীৰ নিয়মীয়াকৈ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত

ওদালগুৰি জিলাত আৰক্ষীয়ে নিয়মীয়াকৈ ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে। আজি পুৱতি নিশা ৰৌতা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বুজন পৰিমাণৰ ভাং আৰু নগদ ধন জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

September 16, 2026 12:14 PM

views 14

ওদালগুৰিৰ বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্র পেগুক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ মাজবাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্র পেগুক সোমবাৰে নিশা মাজবাট পশু চিকিৎসা বিভাগৰ অতিথিশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই লোকজনৰ বিৰুদ্ধে বিজ্ঞাপন অবিহনে স্থানীয় লোকক চতুৰ্থ বৰ্গৰ চাকৰিত নিয়োগ, বিটিচিত নির্বাচনী আচৰণ বিধি বলৱৎ থকাৰ সময়তে নিযুক্তি প্রদান, পশু চিকিৎসা বিভাগৰ অতিথিশালাক বাসগৃহ তথা আদালত হিচাপে ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে পেগুক গ্ৰেপ্তাৰ কৰি ৫০/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰিছে ।

July 17, 2026 6:04 PM

views 24

ওডালগুৰি জিলাৰ ৰৌতা আদর্শ চিকিৎসালয়ে এন এইচ এছ আৰ চিৰ মুচকান কাৰ্যক্ৰমৰ অধীনত গুণগত মানৰ প্ৰমাণপত্ৰ লাভ

ওডালগুৰি জিলাৰ ৰৌতা আদর্শ চিকিৎসালয়ে এন এইচ এছ আৰ চিৰ মুচকান কাৰ্যক্ৰমৰ অধীনত গুণগত মানৰ প্ৰমাণপত্ৰ লাভ কৰে। মুচকান হৈছে ২০২১ চনত এন এইছ এছ আৰ চিৰ অধীনত মুকলি কৰা এটা পদক্ষেপ, যাৰ জৰিয়তে ১২ বছৰ বয়সলৈকে শিশুসকলৰ মৃত্যু আৰু অসুস্থতা হ্ৰাস কৰিবলৈ শিশু অনুকূল স্বাস্থ্য সেৱা নিশ্চিত কৰা। ৰাষ্ট্ৰীয় গুণমান নিশ্চয়তা মানৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগৰাকী মূল্যায়কে চিকিৎসালয়খনৰ চিকিৎসক, নার্চ তথা আন আন কৰ্মচাৰীৰ লগত আলোচনা কৰাৰ বাবে চিকিৎ‍সালয়খনৰ বিভিন্ন দিশ বিশেষকৈ নৱজাতক স্থিৰীকৰণ কক্ষ, শিশু চিকিৎসা ...

July 13, 2026 6:16 PM

views 30

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে আজি এটা প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত অনুষ্ঠিত এই ই ডি পি প্রশিক্ষণ কাৰ্যসূচীত হিতাধিকাৰীসকলৰ বাবে জ্ঞান আহৰণৰ সুযোগ সৃষ্টি, উদ্যোগিকৰণৰ দক্ষতা বৃদ্ধি কৰা আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসেন দৈমাৰী উপস্থিত থাকে।

June 3, 2026 7:11 PM

views 41

ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত ‘এগ্রী মেপাৰ’ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্রশিক্ষণ কার্যসূচী

◊ ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্রী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কৃষি ব্যৱস্থাপনাৰ সফল ৰূপায়ণৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ বাবে জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সঞ্চালনাত এই শিবিৰ অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক বিষয়া পাপৰি শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ইয়াৰ প্ৰয়োজনীয়তা, সঠিক ব্যৱস্থাপনা আৰু ৰূপায়ণ প্ৰক্ৰিয়া সন্দৰ্ভত সবি...

January 23, 2026 5:16 PM

views 59

ওদালগুৰিত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ

■ ওদালগুৰি জিলাত আজি ৰাজ্য চৰকাৰৰ বিনামূলীয়া চাইকেল বিতৰণ আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ কৰা হয়। অনুষ্ঠানত বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী আৰু বিটিচিৰ পাৰিষদ অর্জুন দৈমাৰীৰ লগতে জিলা প্ৰশাসনৰ ভালেমান বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

December 5, 2025 6:46 PM

views 48

ওদালগুৰি জিলাৰ কলাইগাঁওত আৰক্ষীৰ বুজন পৰিমাণৰ ভাং জব্দ

ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত গৰুবন্ধা চ'কত আজি আৰক্ষীয়ে এজন ব্যক্তিৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমর্থ হয়। এটা গোপন সূত্ৰৰ ভিত্তিত এখন যাত্রীবাহী বাছত অভিযান চলাই মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন বৰাৰ নেতৃত্বত এই ভাংখিনি জব্দ কৰা হয়। এই সংক্রান্তত অধিক তথ্যৰ বাবে ধৃত ব্যক্তিজনক আৰক্ষীয়ে সোধা-পোছা কৰি আছে।

June 19, 2025 12:41 PM

views 64

ওদালগুৰিৰ বিভিন্ন ব্লক আৰু ভি চি ডি চি এলেকাত দৈনিক ধৰিত্ৰী আবা জন ভাগিদাৰী শিবিৰ অনুষ্ঠিত

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ধৰিত্ৰী আবা জন ভাগিদাৰী অভিযানৰ অধীনত ওদালগুৰি জিলাৰ বিভিন্ন ব্লক আৰু ভি চি ডি চি এলেকাত দৈনিক শিবিৰ অনুষ্ঠিত হৈ আহিছে। এই শিবিৰৰ জৰিয়তে জনসাধাৰণক আধাৰকাৰ্ডৰ নামভৰ্তি, বিধৱা আৰু দিব্যাংগ পেন্সনৰ বাবে আবেদন আৰু সাহায্য, প্রধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন আৰু আন বহুতো কল্যাণমূলক আঁচনি আৰু প্ৰাপ্যৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা হৈছে।

May 29, 2025 8:37 PM

views 62

ওদালগুৰিত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পর্যালোচনা বৈঠকত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ওদালগুৰি জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। শ্রীদাসে জিলাখনৰ বাবে আৱণ্টিত হোৱা ৯২ হাজাৰ গৃহৰ বাকী থকা গৃহ নিৰ্মাণৰ কামসমূহ ১৪ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যা...

April 21, 2025 7:51 PM

views 54

নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন

নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সংগঠনটোক এসময়ত নেতৃত্ব দিয়া কেইবাগৰাকীও ব্যক্তিক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৱে জিলাখনৰ কেইবাগৰাকীও প্রয়াত নেতাৰ ঘৰে ঘৰে গৈও তেওঁলোকক মৰণোত্তৰভাৱে সন্মান প্ৰদান কৰে। সংগঠনটোৱে বঁটাবাৰী গাঁৱৰ জ্যেষ্ঠ নাগৰিক দেৱেন ৰাভা, চমুৱাপাৰাৰ মংগল ৰাভা আৰু মৌ গাঁৱৰ জনকু ৰাভাৰ লগতে মৰণোত্তৰভাৱে প্ৰয়াত ডাঃ যতীন ৰাভা আৰু পাহুৰাম ৰাভাক সম্বৰ্দ্ধনা জনায়।