ওদালগুৰি জিলাৰ মাজবাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্র পেগুক সোমবাৰে নিশা মাজবাট পশু চিকিৎসা বিভাগৰ অতিথিশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই লোকজনৰ বিৰুদ্ধে বিজ্ঞাপন অবিহনে স্থানীয় লোকক চতুৰ্থ বৰ্গৰ চাকৰিত নিয়োগ, বিটিচিত নির্বাচনী আচৰণ বিধি বলৱৎ থকাৰ সময়তে নিযুক্তি প্রদান, পশু চিকিৎসা বিভাগৰ অতিথিশালাক বাসগৃহ তথা আদালত হিচাপে ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে পেগুক গ্ৰেপ্তাৰ কৰি ৫০/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰিছে ।
Assamese | September 16, 2026 12:14 PM | Udalguri
ওদালগুৰিৰ বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্র পেগুক গ্ৰেপ্তাৰ