◊ ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্রী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কৃষি ব্যৱস্থাপনাৰ সফল ৰূপায়ণৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ বাবে জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সঞ্চালনাত এই শিবিৰ অনুষ্ঠিত হয়।
প্রশিক্ষণ কাৰ্যসূচীত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক বিষয়া পাপৰি শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ইয়াৰ প্ৰয়োজনীয়তা, সঠিক ব্যৱস্থাপনা আৰু ৰূপায়ণ প্ৰক্ৰিয়া সন্দৰ্ভত সবিশেষ উল্লেখ কৰে। এই প্ৰশিক্ষণ শিবিৰত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ ক্ষেত্ৰত সন্মুখীন হ’ব পৰা বিভিন্ন সমস্যা আৰু আসোৱাহসমূহ দূৰ কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰা হয়।
উল্লেখযোগ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত আৰম্ভ হোৱা এগ্রি মেপাৰৰ দৰে প্ৰযুক্তিগত ব্যৱস্থাপনাই অনাগত দিনত কৃষি খণ্ডত এটা নতুন বিপ্লৱৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্রক্রিয়া সন্দৰ্ভত জিলা কৃষি বিষয়াগৰাকীয়ে পৰ্যালোচনা কৰি এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়।
জিলাখনৰ যোগ্য কৃষকসকল যাতে এই কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ’বলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা কৃষি বিভাগক নিৰ্দেশ দিয়া হয়। আজিৰ কাৰ্যসূচীত কৃষি বিভাগৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।