ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত গৰুবন্ধা চ’কত আজি আৰক্ষীয়ে এজন ব্যক্তিৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমর্থ হয়। এটা গোপন সূত্ৰৰ ভিত্তিত এখন যাত্রীবাহী বাছত অভিযান চলাই মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন বৰাৰ নেতৃত্বত এই ভাংখিনি জব্দ কৰা হয়। এই সংক্রান্তত অধিক তথ্যৰ বাবে ধৃত ব্যক্তিজনক আৰক্ষীয়ে সোধা-পোছা কৰি আছে।
Assamese | December 5, 2025 6:46 PM | Udalguri
ওদালগুৰি জিলাৰ কলাইগাঁওত আৰক্ষীৰ বুজন পৰিমাণৰ ভাং জব্দ