April 10, 2025 8:04 PM

views 62

ওদালগুৰিত অসমী ৰুৰেল মাৰ্ট বিপনী মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু নাবাদৰ সহযোগত আজি ওদালগুৰি জিলাত অসমী ৰুৰেল মাৰ্ট নামৰ এখন বিপনী মুকলি কৰা হয়। জিলা আয়ুক্ত পুলক পাটগীৰিয়ে এই বিপনী মুকলি কৰি ইয়াৰ জৰিয়তে জিলাৰ মহিলাসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰে আত্ম নিৰ্ভৰশীল হ'বলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। জিলাখনৰ বেথেলেহম মণ্ডল পৰ্যায়ৰ জ্যোতিৰেখা আত্মসহায়ক মহিলা গোটে এই বিপনীখন পৰিচালনাৰ দায়িত্ব লাভ কৰিছে।

December 26, 2024 8:16 PM

views 64

বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্রস্তুতি অব্যাহত

ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দৈমু নগৰ পথাৰত অহা ৯ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলিছে। ইয়াৰ বাবে সুসজ্জিত তোৰণ, বিশাল মঞ্চ, প্রতিনিধি শিবিৰ আদি গঢ়ি তোলা হৈছে। বড়ো জাতি জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, ভাষা-সাহিত্য-সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এখন বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে বড়ো সাহিত্য সভাৰ এই অধিৱেশনত বাংলাদেশ, নেপাল, ভুটান, আদিকে ধৰি উ...

December 19, 2024 8:13 PM

views 83

ওদালগুৰিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু ৯৮ সংখ্যক ওপজা দিন পালন

ওদালগুৰি জিলাৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁৰ ৯৮ সংখ্যক ওপজা দিন পালন কৰা হয়। প্রয়াত মহন্তই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বৰঙাজুলি সত্ৰত মাত্ৰ বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ আছিল। পুৱাৰ ভাগৰ অনুষ্ঠানৰ পাছত পুৰী প্ৰকল্পৰ সভানেত্রী কণিকা পাঠকক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান কৰা হয়।

September 28, 2024 7:48 PM

views 63

ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ওদালগুৰি জিলাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে আজি ওদালগুৰি জিলাতো সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী হাতত লোৱা হয়। স্থানীয় লোক বিশেষকৈ মাতৃগোটসমূহক যোগ আৰু আয়ুস চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য গঢ় দিয়াৰ ক্ষেত্ৰত সজাগ কৰাৰ সমান্তৰালকৈ এই কাৰ্যসূচীত পুষ্টিকৰ খাদ্য, শিশু স্বাস্থ্য ইত্যাদি বিষয়ত প্রদর্শনীমূলক কাৰ্যসূচী হাতত লোৱা হয়। অনুষ্ঠানত ওদালগুৰিৰ শিশু উন্নয়ন প্রকল্প বিষয়াগৰাকীয়ে পোষণ মাহ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। ইফালে, স...

September 7, 2024 6:34 PM

views 58

ওদালগুৰিত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত

ওদালগুৰি জিলাত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত হয়। এই পঞ্জীয়নৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সৈতে জড়িত চিকিৎসক, নাৰ্ছকে ধৰি চিকিৎসালয়, ক্লিনিক, পৰীক্ষাগাৰ আৰু ফাৰ্মাচী আদি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো প্ৰতিষ্ঠান আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত পঞ্জীয়ন কৰা হয়।

April 21, 2024 6:42 PM

views 59

ভোটাৰৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ওদালগুৰি জিলাত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ওদালগুৰি জিলাত ভোটাৰৰ মাজত ভোটদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ লক্ষ্যৰে খৈৰাবাৰী ৰে'লৱে গেটৰ পৰা নাগাছোৱালৈ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল গঠন...

April 3, 2024 12:22 PM

views 92

নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে

♦ নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে। কালি জাৰি কৰা এই নিৰ্দেশত জিলা আয়ুক্তগৰাকীক সোনকালে জিলাখনৰ তেওঁৰ পৰৱৰ্তী জ্যেষ্ঠ বিষয়াগৰাকীক দায়িত্ব অর্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। Read More :  দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল  প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত  উল্লেখযোগ্য যে, জিলাখনত ভি ভি পেট মেছিনৰ পৰীক্ষণৰ সময়ত এটা মেছিনৰ সন্ধান লাভ নকৰাৰ সন্দৰ্ভত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে অনুসন্ধান কৰি দেশৰ নিৰ্বাচন ...