অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু নাবাদৰ সহযোগত আজি ওদালগুৰি জিলাত অসমী ৰুৰেল মাৰ্ট নামৰ এখন বিপনী মুকলি কৰা হয়। জিলা আয়ুক্ত পুলক পাটগীৰিয়ে এই বিপনী মুকলি কৰি ইয়াৰ জৰিয়তে জিলাৰ মহিলাসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰে আত্ম নিৰ্ভৰশীল হ’বলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। জিলাখনৰ বেথেলেহম মণ্ডল পৰ্যায়ৰ জ্যোতিৰেখা আত্মসহায়ক মহিলা গোটে এই বিপনীখন পৰিচালনাৰ দায়িত্ব লাভ কৰিছে।
Assamese | April 10, 2025 8:04 PM | Udalguri
ওদালগুৰিত অসমী ৰুৰেল মাৰ্ট বিপনী মুকলি