মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে আজি এটা প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়।
ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত অনুষ্ঠিত এই ই ডি পি প্রশিক্ষণ কাৰ্যসূচীত হিতাধিকাৰীসকলৰ বাবে জ্ঞান আহৰণৰ সুযোগ সৃষ্টি, উদ্যোগিকৰণৰ দক্ষতা বৃদ্ধি কৰা আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰা হয়।
অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসেন দৈমাৰী উপস্থিত থাকে।