নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সংগঠনটোক এসময়ত নেতৃত্ব দিয়া কেইবাগৰাকীও ব্যক্তিক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৱে জিলাখনৰ কেইবাগৰাকীও প্রয়াত নেতাৰ ঘৰে ঘৰে গৈও তেওঁলোকক মৰণোত্তৰভাৱে সন্মান প্ৰদান কৰে। সংগঠনটোৱে বঁটাবাৰী গাঁৱৰ জ্যেষ্ঠ নাগৰিক দেৱেন ৰাভা, চমুৱাপাৰাৰ মংগল ৰাভা আৰু মৌ গাঁৱৰ জনকু ৰাভাৰ লগতে মৰণোত্তৰভাৱে প্ৰয়াত ডাঃ যতীন ৰাভা আৰু পাহুৰাম ৰাভাক সম্বৰ্দ্ধনা জনায়।
Assamese | April 21, 2025 7:51 PM | Udalguri
নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন