লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নিৰ্মিত টার্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমান বন্দৰৰ তালিকাত স্থান লাভ

গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নিৰ্মিত টার্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমান বন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।

প্রিক্স ভাৰ্ছেলেইছ নামৰ সংস্থাটোৱে বিমান বন্দৰটোলৈ এই স্বীকৃতি আগবঢ়াইছে। গুৱাহাটী বিমান বন্দৰৰ উপৰি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰকো এই তালিকাত স্থান দিয়া হৈছে।