July 17, 2026 2:30 PM

views 6

পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নৰ উদ্বেগ প্রকাশ

পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্রকাশ কৰিছে ইউনিয়নে সতৰ্ক কৰি দিয়ে যে জি এছ পি প্লাছ আঁচনিৰ অধীনত পাকিস্তানে বাণিজ্যিক লাভালাভ পাই থকাটো দেশখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত নিৰ্ভৰ কৰিব। ইউৰোপীয়ান আয়োগ আৰু ইউৰোপীয়ান ইউনিয়নৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ উচ...

July 17, 2026 1:10 PM

views 16

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ

উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মুক্ত আৰু দূৰৱৰ্তী উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত মাহৰ পৰাই দূৰৱৰ্তী পদ্ধতিৰে গণিত, ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞ...

July 17, 2026 1:02 PM

views 7

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নিৰ্মিত টার্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমান বন্দৰৰ তালিকাত স্থান লাভ

গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নিৰ্মিত টার্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমান বন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্রিক্স ভাৰ্ছেলেইছ নামৰ সংস্থাটোৱে বিমান বন্দৰটোলৈ এই স্বীকৃতি আগবঢ়াইছে। গুৱাহাটী বিমান বন্দৰৰ উপৰি নৱী মুম্বাই আন্তঃৰাষ্ট্...

July 17, 2026 12:55 PM

views 7

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাৰ দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাই কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক অৰ্জন কৰিছে। এই শিতানত ভিয়েটনামে ৰূপৰ আৰু উজবেকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে৷

July 17, 2026 12:51 PM

views 4

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নৃত্যালয়ৰ ব্যৱস্থাপনাত কালি ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিমৌ জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্পত আয়োজিত এই কর্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰে। কৰ্মশালাত দ...

July 17, 2026 12:45 PM

views 4

গোৱালপাৰাত বন বিভাগৰ অভিযানত কাঠভর্তি ট্রাক জব্দ

গোৱালপাৰাত বন বিভাগে যোৱানিশা অভিযান চলাই জুই জ্বলোৱাত ব্যৱহাৰ কৰিবলৈ অনা কাঠভর্তি এখন ট্রাক জব্দ কৰে। পঞ্চৰত্নত জব্দ কৰা এই ট্রাকখনত লক্ষাধিক টকাৰ কাঠ আছিল বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে, কাঠখিনি মৰনৈত থকা ইথানল কোম্পানীলৈ নি থকা হৈছিল।

July 17, 2026 12:41 PM

views 3

কোকৰাঝাৰত উত্তৰ প্ৰদেশৰ ৪জন লোকক আটক, পিষ্টল জব্দ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বলমগুৰিত যোৱানিশা আৰক্ষীয়ে ৪জন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আটাইকেইজন লোকেই উত্তৰ প্ৰদেশৰ আৰু তেওঁলোকৰ পৰা এটা পিষ্টল জব্দ কৰা হয়।

July 17, 2026 12:36 PM

views 11

বিয়লি ৩.৩০ বজাত অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩.৩০ বজাত পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চ...

July 17, 2026 12:34 PM

views 14

ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰ...

July 17, 2026 12:27 PM

views 4

বতৰৰ বতৰা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...