ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নৃত্যালয়ৰ ব্যৱস্থাপনাত কালি ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ কৰা হয়।
ডিমৌ জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্পত আয়োজিত এই কর্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰে।
কৰ্মশালাত দুলুমণি বৰদলৈ আৰু বিদ্যাসাগৰ চেতিয়াকে ধৰি কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক প্রশিক্ষণ দিব। এই কৰ্মশালাৰ সামৰণিত ডিমৌৰ গকুলবন উদ্যানত প্ৰশিক্ষাৰ্থীসকলৰ অংশগ্রহণেৰে এখন নাটক মঞ্চস্থ কৰা হ’ব।