July 17, 2026 12:51 PM

views 24

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নৃত্যালয়ৰ ব্যৱস্থাপনাত কালি ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিমৌ জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্পত আয়োজিত এই কর্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰে। কৰ্মশালাত দুলুমণি বৰদলৈ আৰু বিদ্যাসাগৰ চেতিয়াকে ধৰি কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক প্রশিক্ষণ দিব। এই কৰ্মশালাৰ সামৰণিত ডিমৌৰ গকুলবন উদ্যানত প্ৰশিক্ষাৰ্থীসকলৰ অংশগ্রহণেৰে এখন নাটক মঞ্চস্থ কৰা হ'ব।

July 15, 2026 8:11 PM

views 14

যোৰহাটত বিধানসভা সমষ্টি-ভিত্তিত বিশেষ গ্রীষ্মকালীন কর্মশালা

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি-ভিত্তিত বিশেষ গ্রীষ্মকালীন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কর্মশালাত যোৰহাট, টিয়ক, মৰিয়নী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব। ছাত্র-ছাত্রীসকলক অভিজ্ঞ প্রশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা-কৌশল শিকোৱাৰ উদ্দেশ্যে এই কর্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা ৩০ জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্রশাসনৰ সহযোগত ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰি...

July 2, 2026 6:51 PM

views 23

গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ সৌজন্যত আজিৰে পৰা বৰগীত, লোকগীত আৰু বনগীতৰ গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত

গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ সৌজন্যত আজিৰে পৰা বৰগীত, লোকগীত আৰু বনগীতৰ গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত বয়সৰ কোনো নিৰ্দিষ্ট সীমা ৰখা হোৱা নাই, সেয়ে সকলোৱে কৰ্মশালাখনত অংশগ্ৰহণ কৰিব পাৰিব। শিলপুখুৰীৰ নৱগ্ৰহ পথৰ দীপক সংঘৰ প্ৰাঙ্গনত প্ৰতি দিনে পুৱা ১০ বজাৰ পৰা কৰ্মশালা অনুষ্ঠিত হ'ব। ৭ জুলাইত কৰ্মশালাৰ সামৰণি পৰিব৷