July 15, 2026 8:11 PM | Summer Camp

printer

যোৰহাটত বিধানসভা সমষ্টি-ভিত্তিত বিশেষ গ্রীষ্মকালীন কর্মশালা

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি-ভিত্তিত বিশেষ গ্রীষ্মকালীন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কর্মশালাত যোৰহাট, টিয়ক, মৰিয়নী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব। ছাত্র-ছাত্রীসকলক অভিজ্ঞ প্রশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা-কৌশল শিকোৱাৰ উদ্দেশ্যে এই কর্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা ৩০ জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্রশাসনৰ সহযোগত ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্রশিক্ষণ দিয়া হ’ব। সমষ্টিটোৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত আন এটা কর্মশালাত ভূপেন্দ্র সংগীত আৰু লোকগীতৰ প্ৰশিক্ষণ প্রদান কৰা হ’ব।