July 15, 2026 8:11 PM | Summer Camp

printer

যোৰহাটত বিধানসভা সমষ্টি-ভিত্তিত বিশেষ গ্রীষ্মকালীন কর্মশালা

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি-ভিত্তিত বিশেষ গ্রীষ্মকালীন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কর্মশালাত যোৰহাট, টিয়ক, মৰিয়নী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব। ছাত্র-ছাত্রীসকলক অভিজ্ঞ প্রশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা-কৌশল শিকোৱাৰ উদ্দেশ্যে এই কর্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা ৩০ জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্রশাসনৰ সহযোগত ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্রশিক্ষণ দিয়া হ’ব। সমষ্টিটোৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত আন এটা কর্মশালাত ভূপেন্দ্র সংগীত আৰু লোকগীতৰ প্ৰশিক্ষণ প্রদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।