পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নৰ উদ্বেগ প্রকাশ

পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্রকাশ কৰিছে ইউনিয়নে সতৰ্ক কৰি দিয়ে যে জি এছ পি প্লাছ আঁচনিৰ অধীনত পাকিস্তানে বাণিজ্যিক লাভালাভ পাই থকাটো দেশখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত নিৰ্ভৰ কৰিব। ইউৰোপীয়ান আয়োগ আৰু ইউৰোপীয়ান ইউনিয়নৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ উচ্চস্তৰীয় প্রতিনিধি দলে প্রস্তুত কৰা ২০২৩-২৫ চনৰ সময়ছোৱাৰ যৌথ নিৰীক্ষণ প্ৰতিবেদনত এই তথ্য প্রকাশ পাইছে।

প্রতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ জি পি এছ প্লাছ পৰিকাঠামোৰ অধীনত ইয়াৰ বাধ্য-বাধকতা পূৰণৰ ক্ষেত্ৰত বিসংগতি আছে। প্রতিবেদন অনুসৰি দেশখনত অপহৰণ আৰু আইন বহিঃর্ভূত হত্যাৰ ঘটনা বৃদ্ধি হৈছে। লগতে এনেবোৰ ঘটনাত জড়িতসকলক দোষী সাব্যস্ত কৰাতো দেশখনৰ প্ৰশাসন ব্যর্থ হোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে।

দেশখনত বাক্ স্বাধীনতা গুৰুতৰভাৱে বাধাগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি প্ৰতিবেদনখনত কোৱা হৈছে যে চাইবাৰ অপৰাধ, সন্ত্রাস বিৰোধী আইন শক্তিশালী কৰাতো দেশখন ব্যৰ্থ হৈছে। পাকিস্তানত শেহতীয়াকৈ হোৱা সংবিধানৰ সংশোধনীয়ে ন্যায়িক ব্যৱস্থাৰ স্বতন্ত্ৰতাক দুৰ্বল কৰি তোলা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভতো প্ৰতিবেদনত উদ্বেগ প্ৰকাশ কৰা হৈছে।