September 14, 2026 8:44 PM
14
বেলুচিস্তানৰ কয়লা খনিত গেছ বিস্ফোৰণৰ ঘটনাত ৪ জন শ্রমিক নিহত
পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তানৰ এটা কয়লা খনিত হোৱা গেছ বিস্ফোৰণৰ ঘটনাত ৪ জন শ্রমিক নিহত হোৱাৰ লগতে ৫ জন শ্রমিক আহত হয়। হাৰ্নাই জিলাৰ এটা কয়লা খনিৰ ভিতৰত কালি এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা আগষ্টত বেলুচিস্তানৰ ডুকি জিলাত এটা কয়লা খনিত কৰ্মৰত অৱস্থাত উশাহত বিষাক্ত মিথেন গেছ প্রৱেশ কৰাত দুজন আফগান নাগৰিককে ধৰি ৩ জন শ্রমিক নিহত হয়।