বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বি এল এফে পাকিস্তানী সেনাৰ ওপৰত চলোৱা দুটা পৃথক আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এটা বিবৃতিত সংগঠনটোৰ মুখপাত্রই যোৱা বৃহস্পতিবাৰে ছোৰাব বজাৰত যুটীয়া সীমান্ত বাহিনী আৰু আৰক্ষী পহৰা চকীত সংঘটিত আক্রমণ বি এল এফে চলোৱা বুলি স্বীকাৰ কৰিছে। একেদিনাই অ’ৰমাৰাৰ বাছুল অঞ্চলত সেনা শিবিৰতো বি এল এফে আক্ৰমণ কৰা বুলি মুখপাত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বেলুচিস্তানৰ নাগৰিকে পাকিস্তানৰ পৰা পৃথক হৈ স্বাধীন হোৱাৰ বাবে সংগ্রাম অব্যাহত ৰাখিছে।
Assamese | December 27, 2025 8:04 PM | Akashvani | Akashvani News | Balochistan | Pakistan
পাকিস্তানী সেনাৰ ওপৰত চলোৱা দুটা পৃথক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ