April 26, 2025 7:07 PM

views 55

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফৰ স্বীকাৰোক্তি, পাকিস্তানে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফে স্বীকাৰ কৰিছে যে দেশখনে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে। ব্ৰিটেইনৰ এটা বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত মন্ত্ৰী আছিফে দাবী কৰে যে পশ্চিমৰ কেইখনমান দেশৰ প্ৰৰোচনাত পাকিস্তানে অশোভনীয় কামত প্ৰবৃত্ত হৈ আহিছে। ইছলামাবাদে সন্ত্রাসবাদীক পুঁজি যোগান আৰু সমৰ্থন দি অহাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই স্বীকাৰোক্তি কৰে। এই কাৰ্যক ঐতিহাসিক ভুল বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে এই ভুলৰ বাবে পাকিস্তানে চৰম মূল্য ভৰিবলগীয়া হৈ...

February 19, 2025 3:24 PM

views 46

পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা ভাৰতৰ

ভাৰতে পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা দিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বিথানেনি হৰিছে কালি নিৰাপত্তা পৰিষদত কয়, যে ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদী হিচাপে গণ্য কৰা ২০ টাৰো অধিক সংগঠনক আশ্রয় প্রদান কৰা সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ইছলামাবাদে সন্ত্রাসবিৰোধী যুঁজত অগ্ৰণী ভূমিকা পালন কৰা বুলি কৰা দাবী সঁচাকৈ হাস্যস্পদ। তেওঁ কয, যে ভাৰত জেইজ এ মহম্মদ আৰু হৰকট উল মুজাহিদিনৰ দৰে কেইবাটাও গোটসমূহত সন্ত্রাসবাদী কাৰ্যকলাপৰ বলি হৈ আহিছে। কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ উপ প্র...

January 2, 2025 4:47 PM

views 49

পাকিস্তানত ৩ টা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু, ১১ জন আহত

পাকিস্তানৰ অশান্তিজৰ্জৰ উত্তৰ-পশ্চিম অঞ্চলত কালি তিনিটা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ উপৰি ১১ জন আহত হয়। দেশখনৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইলখান জিলাৰ ডাৰাবান এলেকাত অচিনাক্ত দুৰ্বৃত্তই এটা আৰক্ষী চকীত চলোৱা আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আৰু এজন শ্রমিক নিহত হোৱাৰ উপৰি দুজন আহত হয়। দক্ষিণ ৱাজিৰস্তান জিলাৰ আজম ৱাৰ্চাক এলেকাত এখন মটৰ চাইকেলত সংস্থাপিত বোমা বিস্ফোৰণৰ ঘটনাত এটি শিশু নিহত হোৱাৰ লগতে ৪ জন লোক আহত হয়। বান্নু জিলাৰ মামাস্খেল এলেকাৰ পথৰ কাষত সংঘ...

November 2, 2024 5:38 PM

views 57

পাকিস্তানৰ মাষ্টাং জিলাত শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ মাষ্টাং জিলাত কালি হোৱা এটা শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২৯গৰাকী লোক আহত হয়। জিলা প্রশাসনে প্ৰকাশ কৰা অনুসৰি মাষ্টাং অসামৰিক চিকিৎ‍সালয়ৰ সমীপৰ বালিকা হাইস্কুল চকত বোমাটোৰ বিস্ফোৰণ হয়। নিহতসকলৰ ভিতৰত ৫ জনী ছোৱালী, এটা ল'ৰা, এজন আৰক্ষী বিষয়া আৰু দুজন অসমাৰিক লোক আছে। আৰক্ষীৰ মতে মৃত্যু হোৱা শিশুকেইটাৰ বয়স ৫ৰ পৰা ১০ বছৰৰ ভিতৰত।

October 7, 2024 2:36 PM

views 79

পাকিস্তানৰ কৰাচী বিমান বন্দৰত হোৱা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত

পাকিস্তানৰ কৰাচী বিমান বন্দৰৰ বাহিৰত কালি নিশা হোৱা এটা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। বিচ্ছন্নতাবাদী সন্ত্রাসবাদী গোট বেলুচ লিবাৰেশ্বন আৰ্মী চমুকৈ বি এল এয়ে এই বিস্ফোৰণ দায়িত্ব স্বীকাৰ কৰিছে। চীনৰ অভিযন্তা আৰু বিনিয়োগকাৰীৰ এটা উচ্চস্তৰীয় কনভয়ক লক্ষ্য কৰি সন্ত্ৰাসবাদী গোটটোৱে এই বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। ঘটনাত আহত লোকসকলক ততাতৈয়াকৈ জিন্না স্নাতকোত্তৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

April 3, 2024 1:33 PM

views 94

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফৰ

♦ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইছলামাবাদৰ সংসদ ভৱনৰ বাহিৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুকীয়া পৃষ্ঠভূমি আছে। অৱশ্যে নিৰ্বাচনৰ পাছতহে এই সম্পর্ক উন্নত কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে পাকিস্তানে প্রায় উদ্যোগৰ দৰে সন্ত্ৰাসবাদৰো পৃষ্ঠপোষকতা কৰা বুলি আৰু ভাৰত বৰ্তমান সন্ত্ৰাসবাদীক আওকান কৰাৰ পক্ষপাতী নহয় বুলি মন্ত...

April 1, 2024 12:47 PM

views 62

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণহানি

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ জন লোক আঘাতপ্রাপ্ত হৈছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি পেচাৱাৰ, নাউশ্বেৰা, বাজাউৰ, শ্বাংলা, মানশ্বেৰা, বান্নু, মহমন্দ, মর্দান আৰু উত্তৰ ৱাজেৰিস্তানত তিনিটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ২৪টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। খাইবাৰ পাখটুনখোৱাৰ মুখ্যমন্ত্ৰী আলী আমিন গাণ্ডাপুৰে শেহতীয়া বৰষুণত হোৱা ক্ষয়-ক্ষতিৰ লগতে জীৱন আৰু সম্পত্তি হেৰুওৱা...