পাকিস্তানৰ কৰাচী বিমান বন্দৰৰ বাহিৰত কালি নিশা হোৱা এটা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। বিচ্ছন্নতাবাদী সন্ত্রাসবাদী গোট বেলুচ লিবাৰেশ্বন আৰ্মী চমুকৈ বি এল এয়ে এই বিস্ফোৰণ দায়িত্ব স্বীকাৰ কৰিছে। চীনৰ অভিযন্তা আৰু বিনিয়োগকাৰীৰ এটা উচ্চস্তৰীয় কনভয়ক লক্ষ্য কৰি সন্ত্ৰাসবাদী গোটটোৱে এই বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। ঘটনাত আহত লোকসকলক ততাতৈয়াকৈ জিন্না স্নাতকোত্তৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
Assamese | October 7, 2024 2:36 PM | Boom Blast | Karachi Airport | Pakistan | Terrorist
পাকিস্তানৰ কৰাচী বিমান বন্দৰত হোৱা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত