পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ জন লোক আঘাতপ্রাপ্ত হৈছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি পেচাৱাৰ, নাউশ্বেৰা, বাজাউৰ, শ্বাংলা, মানশ্বেৰা, বান্নু, মহমন্দ, মর্দান আৰু উত্তৰ ৱাজেৰিস্তানত তিনিটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ২৪টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। খাইবাৰ পাখটুনখোৱাৰ মুখ্যমন্ত্ৰী আলী আমিন গাণ্ডাপুৰে শেহতীয়া বৰষুণত হোৱা ক্ষয়-ক্ষতিৰ লগতে জীৱন আৰু সম্পত্তি হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু ক্ষতিগ্ৰস্তসকলক শীঘ্ৰেই ক্ষতিপূৰণ প্ৰদানৰ প্রতিশ্রুতি দিছে। তেওঁ লগতে শেহতীয়াকৈ বৰ্ষাজনিত ঘটনাত প্ৰদেশখনত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিছে।
Assamese | April 1, 2024 12:47 PM | PAK | Pakistan | Pakistan Accident
পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণহানি