ভাৰতে পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা দিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বিথানেনি হৰিছে কালি নিৰাপত্তা পৰিষদত কয়, যে ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদী হিচাপে গণ্য কৰা ২০ টাৰো অধিক সংগঠনক আশ্রয় প্রদান কৰা সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ইছলামাবাদে সন্ত্রাসবিৰোধী যুঁজত অগ্ৰণী ভূমিকা পালন কৰা বুলি কৰা দাবী সঁচাকৈ হাস্যস্পদ। তেওঁ কয, যে ভাৰত জেইজ এ মহম্মদ আৰু হৰকট উল মুজাহিদিনৰ দৰে কেইবাটাও গোটসমূহত সন্ত্রাসবাদী কাৰ্যকলাপৰ বলি হৈ আহিছে। কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ উপ প্রধানমন্ত্ৰী ইছাক ডাৰে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত শ্ৰী হেৰিছে কয়, যে দেশখনেই জম্মু-কাশ্মীৰৰ এটা অংশ অবৈধভাৱে দখল কৰি আছে। তেওঁ কয়, যে জম্মু- কাশ্মীৰৰ জনসাধাৰণে যোৱা বছৰ বিধানসভা নিৰ্বাচনত ব্যাপক হাৰত ভোটদান কৰি দেশৰ প্ৰতি স্পষ্ট আনুগত্য প্রকাশ কৰিছে। পাকিস্তানৰ অপপ্ৰচাৰৰ সমালোচনা কৰি স্থায়ী প্রতিনিধিগৰাকীয়ে কয়, যে এনে কৰি তেওঁলোকে প্রকৃত তথ্য সলনি কৰিব নোৱাৰে।
Assamese | February 19, 2025 3:24 PM | Akashvani News | Pakistan
পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা ভাৰতৰ