পাকিস্তানৰ বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত এটা বিস্ফোৰণত ৪ জন লোক নিহত হোৱাৰ লগতে আন ২০ জন লোক আহত হয়। সংবাদ মাধ্যমৰ মতে কালি সংঘটিত ৮ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। এই বিস্ফোৰণৰ ফলত এটা ভৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দোকান ভাগি পৰাৰ লগতে অগ্নিকাণ্ডও সংঘটিত হয়। এই বিস্ফোৰণৰ পাছতেই অচিনাক্ত আক্ৰমণকাৰী আৰু সুৰক্ষা কৰ্মীৰ মাজত কিছুসময়ৰ বাবে গুলীয়াগুলিও সংঘটিত হয়। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক ই তালিবান পাকিস্তান চমুকৈ টিটিপিয়ে ঘটনাটো সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে।
Assamese | May 19, 2025 9:23 PM | Akashvani | Akashvani News | baluchistan | Pakistan
বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত বিস্ফোৰণত ৪ জন লোক নিহত, ২০ জন লোক আহত