পাকিস্তানৰ মাষ্টাং জিলাত কালি হোৱা এটা শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২৯গৰাকী লোক আহত হয়। জিলা প্রশাসনে প্ৰকাশ কৰা অনুসৰি মাষ্টাং অসামৰিক চিকিৎসালয়ৰ সমীপৰ বালিকা হাইস্কুল চকত বোমাটোৰ বিস্ফোৰণ হয়। নিহতসকলৰ ভিতৰত ৫ জনী ছোৱালী, এটা ল’ৰা, এজন আৰক্ষী বিষয়া আৰু দুজন অসমাৰিক লোক আছে। আৰক্ষীৰ মতে মৃত্যু হোৱা শিশুকেইটাৰ বয়স ৫ৰ পৰা ১০ বছৰৰ ভিতৰত।
Assamese | November 2, 2024 5:38 PM | boom blust | Pakistan
পাকিস্তানৰ মাষ্টাং জিলাত শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু