বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে দাবী কৰিছে যে পাকিস্তানৰ বিভিন্ন নগৰ-মহানগৰত আশ্ৰয় গ্ৰহণ কৰি সন্ত্ৰাসবাদী সংগঠনসমূহে কাম-কাজ চলাই আছে। তেওঁ কয়, যে সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে এটা মুকলি ব্যৱসায়ত পৰিণত হৈছে আৰু দেশখনৰ সেনাবাহিনী তথা চৰকাৰে সমৰ্থন কৰাৰ উপৰি পুঁজি যোগানেৰে সন্ত্ৰাসবাদক ব্যৱহাৰ কৰি আহিছে। জাৰ্মানীৰ এখন কাকতক দিয়া সাক্ষাৎকাৰত ড° জয়শংকৰে কয়, যে আক্রমণ চলালে সন্ত্ৰাসবাদীয়ে চূড়ান্ত মূল্য ভৰিব লাগিব বুলি ভাৰতে ইতিমধ্যে স্পষ্ট বার্তা দিছে। পেহেলগামৰ ঘটনাৰ পাছত ভাৰতৰ প্ৰত্যুত্তৰ সন্দৰ্ভত তেওঁ কয়, যে ভাৰতৰ আক্ৰমণ আছিল অত্যন্ত লক্ষ্যভেদি। পাকিস্তানৰ সৈতে যুদ্ধ বিৰতি সন্দৰ্ভত ড° জয়শংকৰে কয় যে দুয়োখন দেশৰ সামৰিক বাহিনীয়ে প্ৰত্যক্ষ যোগাযোগৰ জৰিয়তে যুদ্ধ বিৰতিৰ বাবে একমত হৈছিল।
Assamese | May 27, 2025 4:31 PM | Akashvani News | Dr. S Jaysankar | India and Pakistan | India and Pakistan War | Pakistan
সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে এটা মুকলি ব্যৱসায়ত পৰিণত হৈছেঃ ড° এছ জয়শংকৰ