September 14, 2026 9:33 PM

views 11

ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে ড০ এছ জয়শংকৰৰ সহ অধ্যক্ষতা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে সহ অধ্যক্ষা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত আৰু ভিয়েটনামৰ মাজৰ ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে বিভিন্ন উপায়ৰ লগতে ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সামগ্রী, যোগান বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত বাণিজ্য, বিনিয়োগ, যোগান শৃংখলা আৰু সামুদ্রিক, কৃষিজাত সামগ্ৰী আৰ...

July 21, 2026 1:50 PM

views 28

নতুন দিল্লীত পানামাৰ বিদেশ মন্ত্ৰী জেভিয়াৰ এডুৱাৰ্ডো মার্টিনেজ আছা ভাছকেজক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি পানামাৰ বিদেশ মন্ত্ৰী জেভিয়াৰ এডুৱাৰ্ডো মার্টিনেজ আছা ভাছকেজক নতুন দিল্লীত সাক্ষাৎ কৰে।  সাক্ষাৎকালত ড০ জয়শংকৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ প্ৰৱেশ দুৱাৰ হিচাপে পানামাৰ সৈতে ভাৰতৰ যোগাযোগ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই ব্যৱসায়, বাণিজ্য, উন্নয়ন, সামুদ্রিক ক্ষেত্র, স্বাস্থ্য, কৃষি, শিক্ষা আৰু ডিজিটেল সহযোগিতা ক্ষেত্ৰকে ধৰি কেইবাটাও বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহুপাক্ষিক মঞ্চত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰে।  ইয...

June 24, 2026 2:28 PM

views 19

ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলা বিষয়ত ড০ এছ জয়শংকৰৰ গুৰুত্ব আৰোপ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলা বিষয়ত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমানৰ প্ৰত্যাহ্বানমূলক গোলকীয় পৰিস্থিতিত একে ধৰণৰ মূল্যবোধ তথা পৰস্পৰৰ প্রতি আস্থা থকা দেশসমূহে ঘনিষ্ঠভাৱে তথা একেলগে আগবাঢ়ি যোৱাটো প্রয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে। ছিউল আজি দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চ' হিউনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ সময়ত বিদেশ মন্ত্ৰী ড০ জয়শংকৰে এইদৰে মন্তব্য আগবঢ়ায়। সাম্প্রতিক আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত পৰস্পৰৰ প্ৰতি বিশ্বাস তথা আস...

January 4, 2026 7:55 PM

views 49

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজিৰে পৰা ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চৰকাৰী কাৰ্যসূচীৰে আজিৰে পৰা ১০ জানুৱাৰীলৈ ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ কৰিব। ড০ জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ বিদেশ মন্ত্রী জ্যা ন'ৱেল বাৰ্টৰ সৈতে মতবিনিময় কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ অধীনত লাভ কৰা অগ্ৰগতিৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্র্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে ড০ জয়শংকৰে ৩১ সংখ্যক ফৰাচী ৰাষ্ট্রদূতসকলৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে...

December 3, 2025 12:35 PM

views 59

ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে ৭০ জনৰো অধিক চিকিৎসা আৰু সহায়ক কৰ্মী, আৰু অত্যাৱশ্যকীয় বাহনৰ সৈতে এখন স্বয়ংসম্পূৰ্ণ মডিউলাৰ ফিল্ড হস্পিতাল কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ C-17 শ্ৰেণীৰ পৰিবহণ বিমান কালি কলম্বোত অৱতৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে উল্লেখ কৰে যে ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে ৮ টনৰো অধিক সাহায্য সামগ্রী বিমানযোগে লৈ যোৱাৰ লগতে বিদেশী নাগৰিক, সংকটজনক অৱস্থাত থকা ৰোগী আৰু এ...

September 28, 2025 12:11 PM

views 76

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে স্বাধীনতাৰ পিছৰে পৰাই সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ স্বৰূপ ভাৰতৰ এখন প্ৰতিবেশী দেশ আছে আৰু স্বাধীনতাৰ পিছৰে পৰাই ভাৰতে সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে। বৈদেশিকমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত দিয়া ভাষণত এইকথা উল্লেখ কৰে। ড০ জয়শংকৰে কয়, যে দশক দশক ধৰি সংঘটিত হৈ থকা সন্ত্ৰাসবাদীৰ বৃহৎ আক্রমণসমূহ সেইখন দেশৰ পৰাই সংঘটিত হৈ আহিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰসংঘৰ নির্দিষ্ট তালিকাত থকা সন্ত্ৰাসবাদীৰ নামসমূহ সেই দেশখনৰ নাগৰিকেৰে ভৰি আছে। ...

September 5, 2025 7:02 PM

views 65

দিল্লীত ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ‍

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেক সাক্ষাৎ‍ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী ৪ দিনীয়া ভ্রমণসূচী লৈ পৰহি ভাৰতত উপস্থিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ অযোধ্যাত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হোৱাৰ কথা ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পত্নী ওম টাছি দোমাৰ সৈতে আজি অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰ, হনুমানগড়ী মন্দিৰ আৰু কুবেৰটিলা দৰ্শন কৰে। এই ভ্ৰমণৰ কালছোৱাত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীৰাম মন্দিৰত চলি থকা নিৰ্মাণ কাৰ্যৰ চূড়ান্ত পর্...

August 16, 2025 8:49 PM

views 71

দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে দুয়োজন নেতাৰ মাজত বাণিজ্য, উৎপাদন, সামুদ্রিক উন্নয়ন আৰু জনকল্যাণৰ বাবে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷ তেওঁ লগতে কয়, যে দুয়োজন নেতাই কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, শক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত নতুন সুযোগৰ অন্বেষণ কৰে। ভাৰত আৰু কোৰিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ দশম বার্ষিক উপলক্ষে দ...

August 16, 2025 6:38 PM

views 59

পেহেলগামৰ ঘটনাক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী শ্ব’ য়ানক শলাগ

দক্ষিণ কোৰিয়াই এপ্ৰিলত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্রমণক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশখনৰ বিদেশ মন্ত্ৰী শ্ব' য়ানৰ শলাগ লৈছে। নতুন দিল্লীত আজি শ্ৰীয়ানৰ সৈতে হোৱা আলোচনাৰ আৰম্ভণিতে ড০ জয়শংকৰে কোৰিয়াৰ ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস উপলক্ষে অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীক ওলগ জনায়। দুয়োগৰাকী বিদেশ মন্ত্ৰী মাজত হোৱা আলোচনাত প্ৰতিৰক্ষা, সুৰক্ষা, ব্যৱসায়, অর্থনীতি, যোগাযোগ আৰু জনসম্পর্ককে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।

May 29, 2025 3:43 PM

views 99

ৰাষ্ট্ৰসংঘ শান্তি ৰক্ষকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত সাহসী পুৰুষ-মহিলাসকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি ড° এছ জয়শংকৰৰ শ্ৰদ্ধা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ৰাষ্ট্ৰসংঘ শান্তি ৰক্ষকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত সমগ্ৰ বিশ্বতে শান্তি ৰক্ষাৰ বাবে নিয়োজিত সাহসী পুৰুষ-মহিলাসকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত সমৰ্পিত মনোভাৱেৰে অৰিহণা যোগোৱা ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষকসকলক প্ৰশংসা কৰে।