বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চৰকাৰী কাৰ্যসূচীৰে আজিৰে পৰা ১০ জানুৱাৰীলৈ ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ কৰিব। ড০ জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ বিদেশ মন্ত্রী জ্যা ন’ৱেল বাৰ্টৰ সৈতে মতবিনিময় কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ অধীনত লাভ কৰা অগ্ৰগতিৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্র্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে ড০ জয়শংকৰে ৩১ সংখ্যক ফৰাচী ৰাষ্ট্রদূতসকলৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব। মন্ত্ৰীগৰাকীয়ে লাক্সেমবার্গ ভ্ৰমণ কৰি দেশখনৰ উপপ্রধানমন্ত্রী, বিদেশ মন্ত্রী জেভিয়াৰ বেটেল আৰু জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ’ব। তেওঁ লাক্সেমবার্গত থকা ভাৰতীয় লোকসকলৰ সৈতেও মতবিনিময় কৰিব।
Assamese | January 4, 2026 7:55 PM | Dr. S Jaysankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজিৰে পৰা ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ