বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে দুয়োজন নেতাৰ মাজত বাণিজ্য, উৎপাদন, সামুদ্রিক উন্নয়ন আৰু জনকল্যাণৰ বাবে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷ তেওঁ লগতে কয়, যে দুয়োজন নেতাই কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, শক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত নতুন সুযোগৰ অন্বেষণ কৰে। ভাৰত আৰু কোৰিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ দশম বার্ষিক উপলক্ষে দুয়োখন দেশৰ মাজত থকা গভীৰ সমন্বয় আৰু সু-সম্পৰ্কৰ বাবেও ড০ জয়শংকৰে প্ৰশংসা কৰে।
Assamese | August 16, 2025 8:49 PM | Akashvani News | Dr. S Jaysankar | India-china
দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক