August 16, 2025 8:49 PM

views 71

দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে দুয়োজন নেতাৰ মাজত বাণিজ্য, উৎপাদন, সামুদ্রিক উন্নয়ন আৰু জনকল্যাণৰ বাবে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷ তেওঁ লগতে কয়, যে দুয়োজন নেতাই কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, শক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত নতুন সুযোগৰ অন্বেষণ কৰে। ভাৰত আৰু কোৰিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ দশম বার্ষিক উপলক্ষে দ...

November 1, 2024 8:11 PM

views 77

ভাৰত আৰু চীনৰ সৈনিকৰ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ

ভাৰত আৰু চীনৰ সৈনিকসকলে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ কৰিছে। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ডেমচ’ক এলেকাত টহল পুনৰ আৰম্ভ হৈছে। উভয় দেশৰ সৈনিকৰ মাজত ২০২০ চনৰ এপ্ৰিলত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছৰে পৰা অঞ্চলটোত টহল ব্যৱস্থা বন্ধ আছিল আৰু প্ৰায় চাৰে চাৰি বছৰৰ পাছত এই ব্যৱস্থা পনৰ আৰম্ভ হৈছে। ডেপচাঙতো শীঘ্ৰে টহল আৰম্ভ হ'ব। দুয়োখন দেশে যোৱা মাহৰ এলানি কূটনৈতিক আৰু সামৰিক পৰ্য্যায়ৰ আলোচনাৰ অন্তত সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ সন্দৰ্ভত সহমতত উপনীত হৈছিল। সেই মৰ্মে কালি দীপাৱলী উপল...

April 9, 2024 7:13 PM

views 62

ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ দিশৰ পৰা চীনক চেৰ পেলাইছে বুলি ইউৰোপীয় সংসদৰ আগশাৰীৰ বিশেষজ্ঞৰ প্ৰকাশ

ইউৰোপীয় সংসদৰ আগশাৰীৰ বিশেষজ্ঞ এঞ্জেলোছ ডেলীৱৰিয়ছে কৈছে যে, ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ দিশৰ পৰা চীনক চেৰ পেলাইছে আৰু ভৱিষ্যতলৈও দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ চীনতকৈ অধিক হৈ থাকিব। বিদেশ নীতিৰ ক্ষেত্ৰত বিশেষ দক্ষতা থকা এঞ্জেলোছ ডেলীৱৰিয়ছ ইউৰোপৰ সংসদীয় গৱেষণা ই পি আৰ এছৰ নীতি বিশেষজ্ঞ। ই পি আৰ এছ গোটে ইউৰোপীয় সংসদৰ সদস্যসকলক সৰ্বাত্মক গৱেষণা আৰু বিশ্লেষণাত্মক সহায় আগবঢ়ায়। যোৱা দশকত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ নিৰন্তৰ বৃদ্ধিৰ কথা উল্লেখ কৰি এঞ্জেলোছ ডেলীৱৰিয়ছে কৈছে যে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চীন...