ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলা বিষয়ত ড০ এছ জয়শংকৰৰ গুৰুত্ব আৰোপ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলা বিষয়ত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমানৰ প্ৰত্যাহ্বানমূলক গোলকীয় পৰিস্থিতিত একে ধৰণৰ মূল্যবোধ তথা পৰস্পৰৰ প্রতি আস্থা থকা দেশসমূহে ঘনিষ্ঠভাৱে তথা একেলগে আগবাঢ়ি যোৱাটো প্রয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে।

ছিউল আজি দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চ’ হিউনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ সময়ত বিদেশ মন্ত্ৰী ড০ জয়শংকৰে এইদৰে মন্তব্য আগবঢ়ায়। সাম্প্রতিক আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত পৰস্পৰৰ প্ৰতি বিশ্বাস তথা আস্থা বহন কৰি অহা দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে৷

সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই বৈঠকত তেওঁলোকে দুয়োখন দেশৰ ৰাজনৈতিক, জাহাজ নির্মাণ, বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, প্রযুক্তি, নিকা শক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ দৰে বিষয়সমূহ পর্যালোচনা কৰে।

দ্বিপাক্ষিক সম্পর্কক অধিক আগবঢ়াই নিয়াৰ বাবে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰো তেওঁ শলাগ লয়।