July 21, 2026 1:50 PM | Dr. S Jaysankar

printer

নতুন দিল্লীত পানামাৰ বিদেশ মন্ত্ৰী জেভিয়াৰ এডুৱাৰ্ডো মার্টিনেজ আছা ভাছকেজক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি পানামাৰ বিদেশ মন্ত্ৰী জেভিয়াৰ এডুৱাৰ্ডো মার্টিনেজ আছা ভাছকেজক নতুন দিল্লীত সাক্ষাৎ কৰে।

 সাক্ষাৎকালত ড০ জয়শংকৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ প্ৰৱেশ দুৱাৰ হিচাপে পানামাৰ সৈতে ভাৰতৰ যোগাযোগ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই ব্যৱসায়, বাণিজ্য, উন্নয়ন, সামুদ্রিক ক্ষেত্র, স্বাস্থ্য, কৃষি, শিক্ষা আৰু ডিজিটেল সহযোগিতা ক্ষেত্ৰকে ধৰি কেইবাটাও বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহুপাক্ষিক মঞ্চত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰে। 

ইয়াৰ আগেয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে পানামাৰ বিদেশমন্ত্ৰীগৰাকীৰ ভ্ৰমণে দুয়ো দেশৰ সকলো খণ্ডতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ উদ্বোধনী ভাষণত ড০ জয়শংকৰে কয়, যে পানামাৰ বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ দেশ দুখনৰ শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময়ৰ ওপৰত আধাৰিত হৈছে৷ 

ভাৰত আৰু পানামাৰ অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ দুয়ো দেশৰ নেতাসকল আগ্ৰহী বুলি তেওঁ উল্লেখ কৰে। বিদেশ মন্ত্ৰীগৰকীৰ এই ভ্রমণে দ্বিপাক্ষিক সহযোগিতাৰ ন ন ক্ষেত্ৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।