ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে ড০ এছ জয়শংকৰৰ সহ অধ্যক্ষতা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে সহ অধ্যক্ষা কৰে।

সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত আৰু ভিয়েটনামৰ মাজৰ ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে বিভিন্ন উপায়ৰ লগতে ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সামগ্রী, যোগান বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে।

দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত বাণিজ্য, বিনিয়োগ, যোগান শৃংখলা আৰু সামুদ্রিক, কৃষিজাত সামগ্ৰী আৰু ভেষজ সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে। ইয়াৰ লগতে দুয়োগৰাকী নেতাই শক্তি সহযোগিতা, ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক প্রকল্পসমূহৰ বিষয়েও আলোচনা কৰে।

উল্লেখযোগ্য যে ভিয়েটনাম ভাৰতৰ পূবলৈ চোৱা নীতি, আছিয়ান ভাৰত প্ৰশান্ত মহাসাগৰীয়, মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।