শেহতীয়াকৈ ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় হোৱাৰ লগতে অনাগত সময়চোৱাত ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ বাবে দেশ আগবাঢ়িছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জানিবলৈ দিছে। আজি নতুন দিল্লীত অষ্ট্ৰিয়াৰ বৈদেশিক মন্ত্রী বিট মেইলন ৰেইছিংগাৰ সৈতে হোৱা সাক্ষাতৰ অন্তত ড০ জয়শংকৰে এই কথা উল্লেখ কৰে।
তেওঁ কয় এই জটিল সময়ত ভাৰত আৰু অষ্ট্ৰিয়াই মুক্ত বাণিজ্যৰ ক্ষেত্ৰত আলোচনা কৰাতো দুয়োখন দেশৰ অৰ্থনীতিৰ বাবে শুভ লক্ষণ। দেশ দুখনে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া উমৈহতীয়া সিদ্ধান্ত সন্দৰ্ভতো আলোচনা কৰিব বুলি উল্লেখ কৰি ড০ জয়শংকৰে কয়, যে এই আলোচনাই গোলকীয় শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰি প্ৰভাৱ পেলাব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে অষ্ট্ৰিয়াক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘৰ বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়াৰ সহযোগিতাৰ এক দীঘলীয়া ইতিহাস আছে আৰু সেই ইতিহাস নতুন দিল্লীয়ে আগুৱাই নিব বিচাৰে।