পাকিস্তানৰ বেলুচিস্তান প্রদেশত অজ্ঞাত বন্দুকধাৰীয়ে কালি সন্ধিয়া কেইবাখনো যাত্রীবাহী বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই লৈ তাৰে নগৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে। গুলীৱিদ্ধ মৃতদেহ সমূহ গোটেই নিশা পর্বতত পৰি ৰয়। বৰ্তমানলৈ কোনো সংগঠনে এই নৃশংস ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে পূৰ্বে সংঘটিত এনে ধৰণৰ বহু ঘটনাৰ সৈতে বেলুচ লিবাৰেশ্যন আর্মি জড়িত থকাৰ অভিযোগ আছে। কালি গুলীৱিদ্ধ হৈ নিহত হোৱা যাত্ৰীসকল পূৱ পঞ্জাৱ প্ৰদেশৰ বুলি এটা তথ্যৰ পৰা জানিব পৰা গৈছে। উল্লেখযোগ্য যে আফগানিস্তান আৰু ইৰাণৰ খনিজ সমৃদ্ধ অঞ্চলত দীর্ঘদিনে বিদ্রোহী কাম-কাজ চলাই থকা বেলুচ লিবাৰেশ্যন আৰ্মী হৈছে অতি শক্তিশালী বিদ্রোহী গোট। অঞ্চলটোৰ সম্পদসমূহৰ জৰিয়তে আহৰণ কৰা ধনেৰে পাকিস্তান কৰ্তৃপক্ষই পঞ্জাৱ প্ৰদেশত খৰচ কৰি আহিছে বুলি জনগোষ্ঠীয় বেলুচ বিদ্রোহীসকলে অভিযোগ উত্থাপন কৰি আহিছে।
Assamese | July 11, 2025 5:37 PM | Akashvani News | Pak Terrorist | Pakistan
বেলুচিস্তানত অজ্ঞাত বন্দুকধাৰীয়ে বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই ৯ গৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে