ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্রধানমন্ত্ৰী মোদীয়ে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩.৩০ বজাত পঞ্জাবৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব।

বিকশিত ভাৰতৰ বাবে আধুনিক ৰে’ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটী চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পর্যটন, কর্ম সংস্থান আৰু স্থানীয় ব্যৱসায়-বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে।

যাত্রী অনুকুল বিশ্বমানৰ সা-সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্য প্রতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে আছে উন্নত পার্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহ। তদুপৰি জলসংৰক্ষণ, সৌৰ শক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে।

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰে’ল আৰু খাদ্য প্ৰ-সংস্কৰণ উদ্যোগ ৰাজ্য মন্ত্ৰী ৰৱনীট সিং আৰু সাংসদ দিলীপ শ‍ইকীয়াই ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল’ব।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দ ৰে’ল ষ্টেচনৰ পৰা পতাকা জোকাৰি জিন্দ আৰু ছোনিপটৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰ’জেনচালিত ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। হাইড্ৰ’জেনচালিত এই ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰাম্ভণি ৰেল খণ্ডত নিকা আৰু বহনক্ষম পৰিবহণ প্রযুক্তি গ্ৰহণৰ দিশত লোৱা এটা বৃহৎ ব্যৱস্থাৰূপে পৰিগণিত হৈছে।

স্বদেশী প্রযুক্তি ব্যৱহাৰ কৰি দেশতেই এই ৰে’লগাড়ীখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে আৰু নিৰ্মাণো কৰা হৈছে। প্ৰতি ঘণ্টাত ৭৫ কিলোমিটাৰ ব্যৱহাৰিক গতি আৰু প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ আৰ্হি গতিৰে নিৰ্মাণ কৰি উলিওৱা এই ৰে’লগাড়ীখন অকল নিৰাপদেই নহয়, বৰং জিন্দ-ছোনিপট খণ্ডত চলাচল কৰা সবাতোকৈ বেগী ৰে’লগাড়ী হিচাপে চিহ্নিত হৈছে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীয়ে হাৰিয়ানাত ১২ হাজাৰ ৪৭০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে ১৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী- অমৃতসৰ-কাট্টা এক্সপ্ৰেছৱে মুকলি কৰে। এই পথে দিল্লী আৰু কাট্ৰাৰ মাজৰ যাত্ৰাকাল ১৪ ঘণ্টাৰ পৰা প্রায় ছঘণ্টালৈ হ্ৰাস কৰিব।

লগতে পথটোৰে দিল্লী-অমৃতসৰ যাত্ৰাও বৰ্তমানৰ ৮ ঘণ্টাৰ পৰা ৪ ঘণ্টালৈ হ্ৰাস হ’ব। সমবেত লোকসকলক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে কয়, যে বিগত ১২ বছৰত ভাৰতীয় ৰে’লৱেৰ বৃহৎ ৰূপান্তৰ হৈছে। তেওঁ কয়, যে শেহতীয়াকৈ হাৰিয়ানাত বিকাশৰ গতি ত্বৰান্বিত হৈছে আৰু ৰাজ্যখন প্ৰগতিৰ দিশত ধাৱিত হৈছে। শ্রী মোদীয়ে কয়, যে দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লগাড়ীৰ উদ্বোধনে জিন্দক ভাৰতৰ ইতিহাসত বিশেষ স্থানত উপনীত কৰালে।

প্রধানমন্ত্রীয়ে কয়, যে বর্তমান জিন্দ বিজেপি আৰু এন ডি এৰ সুশাসনৰ আৰ্হিৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ উঠিছে। ৰে’ল পৰিবহণৰ ভৱিষ্যতত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ২১ শতিকাৰ ৰে’লগাড়ী হাইড্ৰ’জেন প্ৰযুক্তিৰে চালিত হ’ব। তেওঁ কয়, যে জিন্দ-ছোনিপট পথত বর্তমান প্রায় ৯০ কিলোমিটাৰ দূৰত্ব সামৰি হাইড্ৰ’জেনচালিত ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছে যদিও অদূৰ ভৱিষ্যতে ইয়াৰ সম্প্ৰসাৰণ কৰা হ’ব। বিশ্বৰ কেৱল ৩-৪ খন দেশৰহে বৰ্তমান হাইড্ৰজেনচালিত ৰে’লগাড়ী চলাচল কৰোৱাৰ সামৰ্থ্য থকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

তেওঁ কয়, যে ভাৰতৰ হাইড্ৰ’জেনচালিত ৰে’লগাড়ীৰ শক্তি ক্ষমতা ৩ হাজাৰ ২০০ হৰ্ছ পাৱাৰ আৰু ই বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু দীঘল হাইড্ৰ’জেনচালিত ৰে’লগাড়ী।