July 18, 2026 7:04 PM

views 2

প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কার্যসূচী অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কার্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু জিলা অভিযান ব্যৱস্থাপনা গোটৰ উদ্যোগত হাইলাকান্দিৰ ৰবীন্দ্ৰ সদনত এই কাৰ্যসূচীৰ আয়োজন কৰা...

July 18, 2026 6:59 PM

views 5

কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়ন সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

কাজিৰঙাৰ পৰ্যটনৰ খণ্ডৰ উন্নয়ন সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি এখন বৈঠকত মিলিত হয়। এই বৈঠকত পৰ্যটনৰ খণ্ডৰ বিকাশৰ বাবে কেইবাটাও বিষয় চালিজাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পাছত সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ স্বাৰ্থত...

July 18, 2026 6:52 PM

views 5

ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম ৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন

ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম ৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে ৪৫০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ ১২ বাজি ৫ মিনিটত ইয়াক উৎক্...

July 18, 2026 11:21 AM

views 11

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৭৪,৬৯৪ গৰাকী আবেদনকাৰী বাছনি

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৭৪,৬৯৪ গৰাকী আবেদনকাৰীক ২ লাখ টকাৰ বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত ৭৪,৩৫০ গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু ৩৪৪ গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী।  উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত ...

July 18, 2026 11:17 AM

views 7

শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবঃ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হস্ততাঁত বস্ত্ৰ, ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে।  কালি বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অব ফেচন...

July 18, 2026 11:14 AM

views 13

অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীক সকীয়নি মন্ত্ৰী কৌশিক ৰায়ৰ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক সকীয়াই দিছে। শিলচৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রতিখন জিলাত কার্যবাহিনীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব।  তে...

July 18, 2026 11:10 AM

views 13

আধাৰৰ অধীনত অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি

অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিভিকেচন ছিকিং এণ্টিটি - অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে।  এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰকাৰ্ড পৰিচয় পত্ৰত থকা কিউ আৰ ক’ড স্কেন কৰি তৎক...

July 18, 2026 11:08 AM

views 2

শ্ৰীভূমি জিলাত হ’বলগীয়া মন্ত্ৰী কৃষ্ণেন্দু পালৰ পর্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত

জনস্বাস্থ্য কাৰিকৰী, বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য অঞ্চল বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ আজি শ্ৰীভূমি জিলাত হ'বলগীয়া পর্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত ৰখা হৈছে। অনিবাৰ্য কাৰণত আজি দুপৰীয়া ১২ বজাৰ পৰা জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ'বলগীয়া বৈঠকখন স্থগিত ৰখা হৈছে। পৰ্যালোচনা বৈঠকৰ পৰৱৰ...

July 18, 2026 11:06 AM

views 13

মাজুলীৰ বৰবীল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ ১১জন লোক চিকিৎসাধীন

মাজুলী জিলাৰ নতুন বজাৰ অঞ্চলৰ বৰবীল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ ১১ জন লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। গাঁওখনত কালি এঘৰত আয়োজিত এটা অনুষ্ঠানত খাদ্য গ্ৰহণৰ পাছতে লোকসকল অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক সংকটজনক অৱস্থাত মাজুলীৰ গড়মূৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

July 18, 2026 11:04 AM

views 10

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ পঞ্চম সমাৱৰ্তন সমাৰোহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ পঞ্চম সমাৱৰ্তন সমাৰোহৰ আয়োজন কৰা হয়। সমাৱৰ্তনত জাম্বিয়া, কেনিয়া, লাওছ আৰু য়েমেনৰ পাঁচগৰাকী শিক্ষাৰ্থীক অর্থনীতি, কম্পিউটাৰ বিজ্ঞান, পেট্ৰ'লিয়াম প্রযুক্তি, অভিযান্ত্রিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়।  সমাৱৰ্তনত ডিব্ৰুগড় ব...