July 18, 2026 7:41 PM

views 3

কটন বিশ্ববিদ্যালয়ত কালিৰে পৰা ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালিৰে পৰা চাৰিদিনীয়াকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। শ্বিলঙৰ উত্তৰ-পূব পার্বত্য বিশ্ববিদ্যালয়ৰ সহযোগিতাত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম, কটন বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ে এই আলোচনা সত...

July 18, 2026 7:39 PM

views 3

ধেমাজিৰ চিমেন চাপৰিত আজি বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি ধেমাজিৰ চিমেন চাপৰিত বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষকৰ উৎপাদন বৃদ্ধি আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জনৰ বাবে আজি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন প্ৰকল্পৰ অধীনত কৃষকসকলৰ ...

July 18, 2026 7:37 PM

views 6

মাজুলী বিধানসভা সমষ্টিত পহিলা জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত মাজুলী বিধানসভা সমষ্টিত পহিলা জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা বাণিজ্য কেন্দ্ৰ আৰু পীতাম্বৰ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ নিৰ্বাচিত ৬৪৩ গৰাকী হিতাধিকাৰীৰ মাজত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বি...

July 18, 2026 7:56 PM

views 5

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাসমূহ আজি ঘোষণা

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্ভালৰ পৰিচালিত ARTICLE 370 ছবিখনলৈ শ্রেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে।...

July 18, 2026 7:18 PM

views 11

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্রান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰ...

July 18, 2026 7:15 PM

views 5

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ' বিষয়ক এটি লাইভ ফ'ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শি...

July 18, 2026 7:12 PM

views 3

বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ

বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰা হৈছে। বৰপেটাৰ জিলা আয়ুক্ত নবদ্বীপ পাঠকে আজি জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা এই নিৰ্দেশনা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ...

July 18, 2026 7:09 PM

views 3

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি শিল্পীগৰাকীৰ প্ৰতিবেশী অমিত বৰুৱা, অপৰাধ অনুসন্ধান বিভাগৰ দুগৰাকী বিষয়া অভিজিৎ হাজৰিকা আৰু ৰজত দে’ই আদালতত সাক্ষ্য দিয়ে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অমিত বৰুৱাক জ...

July 18, 2026 7:07 PM

views 4

বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টি-টু টার্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগোৰ সকলো বিমানৰ পৰিচালনাৰ কাম আৰম্ভ

 বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টি-টু টার্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগোৰ সকলো বিমানৰ পৰিচালনাৰ কাম কৰা হ'ব। বিমান বন্দৰ কৰ্তৃপক্ষই এই কথা ঘোষণা কৰি কয়, যে এই নতুন ব্যৱস্থাই যাত্ৰীসকলক আধুনিক আৰু উচ্চমানৰ ভ্ৰমণৰ অভিজ্ঞতা দিব। এই নতুন টার্মিনেলৰ জৰিয়তে আন্তঃৰাষ...

July 18, 2026 7:05 PM

views 3

কোকৰাঝাৰত মোৰ ৰেচম মোৰ অভিমান-প্রযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত

কোকৰাঝাৰ জিলাত ৰেচম উৎপাদকসকলক আধুনিক প্রযুক্তিৰে বহনক্ষম উপাৰ্জন নিশ্চিত কৰাত সহায় কৰিবলৈ জিলাখনৰ আদাবাৰীৰ ৰেচম উদ্যানত মোৰ ৰেচম মোৰ অভিমান-প্রযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ উদ্যোগত বস্ত্ৰ মন্ত্ৰালয়ে বিটিচিৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত এই কাৰ্যসূচী অন...