July 18, 2026 7:56 PM | film fare

printer

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাসমূহ আজি ঘোষণা

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্ভালৰ পৰিচালিত ARTICLE 370 ছবিখনলৈ শ্রেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। কার্তিক আয়ন আৰু মামুত্তিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে য়ামি গৌতমে ARTICLE 370 ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে।

আনহাতে, সুমিৰা ৰায়ে পৰিচালনা কৰা ভংগৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। শ্রেষ্ঠ ছুটি ছবিৰ বঁটা লাভ কৰিছে মাৰাঠি ভাষাৰ ছবি হামছফৰে। আনহাতে ষ্টেছু অৱ ইউনিটি – একতা কা প্রতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হৈছে। পৰত 41 ডিগ্ৰীচায়া মগৱৰ তথ্যচিত্ৰৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হৈছে। আনহাতে, সঞ্জীৱ শ্ৰীবাস্তৱলৈ শ্ৰেষ্ঠ চলচ্চিত্র সমালোচকৰ বঁটা আগবঢ়োৱা হৈছে।