July 18, 2026 7:39 PM | Dhamaji

printer

ধেমাজিৰ চিমেন চাপৰিত আজি বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি ধেমাজিৰ চিমেন চাপৰিত বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষকৰ উৎপাদন বৃদ্ধি আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জনৰ বাবে আজি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন প্ৰকল্পৰ অধীনত কৃষকসকলৰ মাজত উন্নত মানৰ বীজ বিতৰণ কৰা হয়। ইয়াৰ লগতে পথাৰতে কৃষি আৰু কৃষকৰ সমস্যা সমাধানৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা উদ্ভিদ স্বাস্থ্য ক্লিনিকখন আজি ধেমাজিত প্ৰদৰ্শন কৰি ইয়াৰ সেৱাসমূহৰ বিষয়ে কৃষকক অৱগত কৰোৱা হয়। কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপজ্যোতি ৰাজখোৱা, কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ৰ সহযোগী সঞ্চালক ড০ মৃণাল শ‍ইকীয়া, জোনাইৰ বিধায়ক ভূৱন পেগু, চিচিবৰগাঁৱৰ বিধায়ক জীৱন গগৈ প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে।