কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালিৰে পৰা চাৰিদিনীয়াকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। শ্বিলঙৰ উত্তৰ-পূব পার্বত্য বিশ্ববিদ্যালয়ৰ সহযোগিতাত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম, কটন বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ে এই আলোচনা সত্ৰৰ আয়োজন কৰিছে। পৰম্পৰাৰ পৰা পৰিৱৰ্তন, আধুনিক শাসন ব্যৱস্থাত ভাৰতীয় ইতিহাস আৰু জ্ঞান পৰম্পৰাৰ সংমিশ্রণ শীৰ্ষক এই আলোচনাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব তথা বিধায়ক তৰংগ গগৈ আৰু মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি ড০ বাল মুকুন্দ পাণ্ডেই কয়, যে প্রাগ ঐতিহাসিক কালৰ পৰাই ভাৰতীয় পৰম্পৰা অতি গভীৰ, উচ্চ মানবিশিষ্ট আৰু মানৱীয় চিন্তা- চেতনাৰে সমৃদ্ধ। পৰহিলৈ সামৰণি পৰিবলগীয়া এই আলোচনা সত্ৰৰ অন্তিম দিনা অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়েকৰ লগতে কেইবাখনো ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকিব।
Assamese | July 18, 2026 7:41 PM | cotton college
কটন বিশ্ববিদ্যালয়ত কালিৰে পৰা ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত