কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়ন সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

কাজিৰঙাৰ পৰ্যটনৰ খণ্ডৰ উন্নয়ন সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি এখন বৈঠকত মিলিত হয়। এই বৈঠকত পৰ্যটনৰ খণ্ডৰ বিকাশৰ বাবে কেইবাটাও বিষয় চালিজাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পাছত সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ স্বাৰ্থত সকলো পক্ষই বুজাবুজিৰে কাম কৰিব লাগিব।