অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীক সকীয়নি মন্ত্ৰী কৌশিক ৰায়ৰ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক সকীয়াই দিছে। শিলচৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রতিখন জিলাত কার্যবাহিনীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব। 

তেওঁ কয়, যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ যিধৰণে চৰ্চা চলিছে, বজাৰত তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা সামগ্ৰীৰ মূল্য তালিকা ভিত্তিহীন বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী ৰায়ে কয়, যে বাৰিষাৰ সময়ছোৱাত কোনো জিলাতে যাতে অবৈধভাৱে ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিব নোৱাৰে তাৰবাবে ব্যৱসায়ীসকলক নিয়ম অনুসৰি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 

প্ৰতিখন জিলাত থকা কার্যবাহিনীক বজাৰসমূহত ঘূৰি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে নেকি, তাৰ পৰীক্ষা কৰিবলৈ আৰু অবৈধভাৱে কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।