July 18, 2026 11:14 AM

views 28

অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীক সকীয়নি মন্ত্ৰী কৌশিক ৰায়ৰ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক সকীয়াই দিছে। শিলচৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রতিখন জিলাত কার্যবাহিনীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব।  তেওঁ কয়, যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ যিধৰণে চৰ্চা চলিছে, বজাৰত তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা সামগ্ৰীৰ মূল্য তালিকা ভিত্তিহীন বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী ৰায়ে কয়,...

September 7, 2025 12:36 PM

views 37

কামৰূপ জিলাৰ মীৰ্জাত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ চৰকাৰৰ অভিলাষী আঁচনি ৰূপায়ণ সন্দৰ্ভত সজাগতামূলক সন্মিলনত অংশ লয়

ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি কামৰূপ জিলাৰ মীৰ্জাত বিভাগটোৰ অভিলাষী আঁচনি ৰূপায়ণ সন্দৰ্ভত এখন সজাগতামূলক সন্মিলনত অংশ লয়। সন্মিলনত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ আৰ্থিক বোজা লাঘৱ কৰা আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰায় ৭০ লাখ পৰিয়ালৰ ২ কোটি হিতাধিকাৰীক সামৰি লৈছে। এই দিশত নতুন সংযোজনৰূপে ৰাজ্য চৰকাৰে অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধ...