ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ পঞ্চম সমাৱৰ্তন সমাৰোহৰ আয়োজন কৰা হয়। সমাৱৰ্তনত জাম্বিয়া, কেনিয়া, লাওছ আৰু য়েমেনৰ পাঁচগৰাকী শিক্ষাৰ্থীক অর্থনীতি, কম্পিউটাৰ বিজ্ঞান, পেট্ৰ’লিয়াম প্রযুক্তি, অভিযান্ত্রিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়।
সমাৱৰ্তনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল আৰু পৰীক্ষা নিয়ন্ত্ৰক ড০ প্ৰশান্ত কুমাৰ কাকতিয়ে শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জ্ঞান, সদিচ্ছা আৰু আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক শিক্ষাৰে নিজ নিজ দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্ক ত্বৰান্বিত কৰিবলৈ উৎসাহ যোগায়।