July 10, 2026 6:53 PM

views 36

বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ

বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাব সন্মুখত ৰাখি সদনত এই বাজেট উপস্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে এই বাজেটে অহা পাঁচ বছৰৰ বাবে স্পষ্ট আৰু সূদূৰ প্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। এই বাজেটত ১৮ খন ধবজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্রদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থা...

July 10, 2026 7:14 PM

views 25

২০২৬-২৭ বিত্তীয় বৰ্ষত ১.৫৬ লাখ কোটি টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে বিধানসভাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন

২০২৬-২৭ বিত্তীয় বৰ্ষত এক কোটি ৫৬ লাখ টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশৰ ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২০২৬–২৭ বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত ১ লাখ ১৮ হাজাৰ ৫৬২.২৩ কোটি টকা মুলধনী শিতানত ৩৮ হাজাৰ ১৫২.৬৫ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছ...

July 8, 2026 1:59 PM

views 38

“১০ জুলাইত বিধানসভাত উত্থাপন হ’বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব”- বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা

অহা ১০ জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে ৷ ইপিনে, ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ...

July 6, 2026 6:23 PM

views 26

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শ‍ইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্...

July 5, 2026 8:12 PM

views 21

বন মন্ত্রীৰ নিৰ্দেশৰ পাছতে বিভিন্ন জিলাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত

বন মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই বন বিভাগৰ বিষয়া-কর্মচাৰীসকলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত হাদলাপাৰাত অভিযান চলাই বন বিভাগৰ দলে আজি এটা কাঠফলা মিলৰ লগতে প্রায় ৬০ হাজাৰ টকাৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। গোৱালপাৰা আঞ্চলিক বন বিষয়া পবিত্র কুমাৰ ৰয়ৰ নেতৃত্বত হাদলাপাৰাৰ ঘন জংঘলৰ মাজৰ পৰা এই মিলটো জব্দ কৰা হয়। উল্লেখযোগ্য যে এতিয়ালৈ জিলাখনৰ বন বিভাগে ২২টাকৈ অবৈধ ইটাভাটা ভাঙি পেলোৱাৰ লগতে দুটাকৈ বালি মহলৰ যন্ত্রাংশ ...

July 2, 2026 7:07 PM

views 27

বন বিভাগৰ বাবে ৪খন নতুন আঁচনিৰ বিষয়ে ঘোষণা বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

ৰাজ্যৰ বন তথা পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে ৪খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা ১০ আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত ১০ লাখ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কার্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলু...

June 30, 2026 8:06 PM

views 23

ৰাজ্যৰ অবৈধ কাঠ ফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগৰ নিৰ্দেশ

ৰাজ্যৰ অবৈধ কাঠ ফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগে নিৰ্দেশ দিছে। চোৰাং বনাঞ্চল ধবংস ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে এই অভিযান কালি আৰম্ভ হৈছে। বন তথা পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত অবৈধ কাঠ ফলা কলসমূহ বন্ধ কৰাটো নিশ্চিত কৰিবলৈ বিভাগৰ প্ৰতিটো সংমণ্ডলক নির্দেশ দিয়া হৈছে। তদুপৰি চৰকাৰী অনুজ্ঞাপ্রাপ্ত কাঠ ফলা কলসমূহে চৰকাৰী নীতি-নিৰ্দেশনা সঠিকভাৱে মানি চলিছে নে নাই সেই বিষয়ে তথ্য গ্ৰহণ কৰি আপত্তিজনক কথা দেখা মাত্রেই...

June 22, 2026 6:17 PM

views 59

বন বিভাগৰ বিষয়াসকলৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

বন আৰু পৰিবেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে তিনি বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দ সংমণ্ডল, ৰেঞ্জ, বীট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকিয়াই দিয়ে। বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱ...

August 11, 2025 11:54 AM

views 57

মানকাচৰত কেইবাটাও কার্যসূচীত অংশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

● সম জিলা উন্নয়নৰ বাৰ্তাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি মানকাচৰত কেইবাটাও কার্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ পথ, খহনীয়া, স্বাস্থ্য সেৱাকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰী মল্লবৰুৱাই জিলাখনত ৰূপায়ণ হোৱা জলজীৱন মিছন আঁচনিৰ দুটা প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ লগতে হাটশিঙিমাৰী জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতেও...

August 10, 2025 7:58 PM

views 58

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মানকাচৰ বাংলাদেশ সীমান্তৱৰ্তী কোক্রাডাংগাত খহনীয়া পৰিদৰ্শন

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মানকাচৰ বাংলাদেশ সীমান্তৱৰ্তী কোক্রাডাংগাত খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত জিঅ' বেগ স্থাপনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হোৱা জনজীৱন মিছন আঁচনিৰ দুটা প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ লগতে হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো মিলিত হয়।