ৰাজ্যৰ বন তথা পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে ৪খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা ১০ আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত ১০ লাখ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে।
গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কার্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল-মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে।
জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে।
বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিবেশ সেউজীয়া কৰাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰচাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰচাপৰি সেউজকৰণ আঁচনি নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত চৰসমূহত পৰিবেশ অনুযায়ী বিভিন্ন গছৰ গুটি ড্ৰোণৰ সহায়ত ছটিয়াই চৰ অঞ্চলসমূহক বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস কৰা হৈছে।
শ্ৰীবৰুৱাই লগতে কয় যে সমাগত বাজেট অধিবেশনত পূৰ্বৰ দৰে এইবাৰো অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন, বিকাশ আৰু কল্যাণৰ বাবে বাজেট নির্ধাৰণ কৰা হ’ব।