বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি-নিৰ্দেশনা প্ৰস্তুত

ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত, বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে সৰ্বাত্মক নীতি-নিৰ্দেশনা যুগুত কৰাৰ ব্যৱস্থা কৰিছে। বিধানসভা চৌহদত কালি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিবেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে এই সমস্যা সমাধানৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী কৌশল যুগুত কৰিবলৈ সৰ্বাত্মক আলোচনা প্রক্রিয়া আৰম্ভ কৰিছে। কালিৰ বৈঠকত অঞ্চলভিত্তিক সমাধানসূত্ৰ, বিভিন্ন পক্ষৰ মাজত সমন্বয় বৃদ্ধি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে সর্বাত্মক নীতি নির্দেশনা যুগুতাই উলিওৱাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যত হাতী-মানুহৰ সংঘাতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সংঘাতৰ ফলত প্ৰতিবছৰে কমেও ডেৰশজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্য পথাৰৰো ক্ষতি হয়। তেওঁ কয়, যে এই সমস্যা দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘকালিন ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে।

মন্ত্ৰীগৰাকীয়ে কয়, যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত আৰু হাতীৰ উপযোগী বিচৰণ ভূমি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব ।

হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণ ভূমি নিৰ্ধাৰণ কৰি একো একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ’ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি শ্রীমল্লবৰুৱাই জানিবলৈ দিয়ে I

বৈঠকত বিভিন্ন মূল্যবান পৰামৰ্শ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয় কয় যে সংশ্লিষ্ট সকলো পক্ষকে ২১ জুলাইৰ ভিতৰত লিখিত আকাৰত অতিৰিক্ত পৰামৰ্শ আগবঢ়াবলৈ কোৱা হৈছে। এই পৰামৰ্শৰ ভিত্তিত বন বিভাগে ২২ জুলাইৰ ভিতৰত নীতি নিৰ্দেশনা যুগুতাই উলিয়াব। চৰকাৰে হাতী মানুহৰ সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া দ্রুততৰ কৰি তোলাৰ বাবে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে।

ৰাজ্যৰ কেইবাখনো জিলাত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা সন্দৰ্ভত শ্ৰীবৰুৱাই কয়, যে চৰকাৰে বৈজ্ঞানিক আৰু মানৱীয়ভাৱে সমস্যাটো সমাধানৰ বাবে বিভিন্ন বিকল্প পৰীক্ষা কৰি আছে। তেওঁ কয়, যে বান্দৰৰ খাদ্য হিচাপে ফল-মূলৰ গছ ৰোপণৰ উপৰি বন্ধ্যাকৰণৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়েও বিবেচনা কৰা হৈছে।