ৰাজ্যৰ অবৈধ কাঠ ফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগে নিৰ্দেশ দিছে। চোৰাং বনাঞ্চল ধবংস ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে এই অভিযান কালি আৰম্ভ হৈছে। বন তথা পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত অবৈধ কাঠ ফলা কলসমূহ বন্ধ কৰাটো নিশ্চিত কৰিবলৈ বিভাগৰ প্ৰতিটো সংমণ্ডলক নির্দেশ দিয়া হৈছে। তদুপৰি চৰকাৰী অনুজ্ঞাপ্রাপ্ত কাঠ ফলা কলসমূহে চৰকাৰী নীতি-নিৰ্দেশনা সঠিকভাৱে মানি চলিছে নে নাই সেই বিষয়ে তথ্য গ্ৰহণ কৰি আপত্তিজনক কথা দেখা মাত্রেই ব্যৱস্থা ল’বলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | June 30, 2026 8:06 PM | Jayanta Malla Baruah
ৰাজ্যৰ অবৈধ কাঠ ফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগৰ নিৰ্দেশ