বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাব সন্মুখত ৰাখি সদনত এই বাজেট উপস্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে এই বাজেটে অহা পাঁচ বছৰৰ বাবে স্পষ্ট আৰু সূদূৰ প্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে।
এই বাজেটত ১৮ খন ধবজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্রদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত পাঁচ বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত দুই লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাজেট ভাষণত উল্লেখ কৰে।
বিধানসভা নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰা বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰে ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধি পেন্সন আঁচনিৰ ধন প্রদান কৰিব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁইনৰ ৰেচনকার্ডধাৰীসকললৈ ৰেহাই মূল্যত মচুৰ ডাইল আৰু চেনী যোগান ধৰাৰ কামো আৰম্ভ কৰিব।
একেদৰে স্নাতক ডিগ্ৰীধাৰীসকলক জীৱন প্ৰেৰণা নামৰ আঁচনিৰ অধীনত অহা ছেপ্টেম্বৰৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ কৃষি সা-সজুঁলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ’ব।
এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি ১১ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপোৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্রীয়ে প্ৰকাশ কৰে।
অপ্ৰাদেশীকীকৃত মহাবিদ্যালয়সমূহৰ প্ৰাদেশীকীকৰণ আৰু বিশ্ববিদ্যালয়সমূহলৈ ৫০ কোটি টকাৰ আর্থিক সাহায্য দিয়া হ’ব বুলি বাজেট ভাষণত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰে। তেওঁ লগতে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।